অনুভৱৰ ভাষাৰে একলম

Tuesday, February 19, 2019

মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং

মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং

উৎসৱ হ’ল এটা জাতি-জনগোষ্ঠীৰ পৰম্পৰা আৰু সংস্কৃতিৰ বৰ ভৰাঁল, R.G. Smith ৰ মতে “বিশেষ ধৰণৰ তাৎপৰ্যপূৰ্ণ সময়ত অনুষ্ঠিত,অনুষ্ঠানৰ পৌনঃপৌনিকতাই হৈছে উৎসৱ” অসম তথা উত্তৰপূৰ্বাঞ্চল হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি। আতিজৰে পৰাই জাতি জনগোষ্ঠীসমূহৰ জীবিকাৰ মূল উৎস কৃষি হোৱাৰ বাবে ইয়াৰ পৰম্পৰা আৰু সংস্কৃতিৰ কৃষিৰ লগত আছে নিবিৰ সম্পৰ্ক।

বাৰেৰহনীয়া অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হৈছে মিচিং জনগোষ্ঠী সকল। উজনি অসমৰ ধেমাজি, লখিমপুৰ, মাজুলীশিৱসাগৰ, ডিব্ৰুগড় আদি জিলাত অতিজৰে পৰা বসবাস কৰি অহা ভূমিপুত্ৰ মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং হৈছে জাতীয় দাপোন, হিয়াৰ আমঠু।

আক্ষৰিক অৰ্থত আলি – শস্য বা কঠীয়া, আয়ে – ফল বা গুটি আৰু লৃগাং – সিঁচা বা আৰম্ভণি। অৰ্থাৎ আলি আয়ে লৃগাং মানে শস্য বা ফলৰ গুটি সিঁচাৰ আৰম্ভণি উৎসৱ। অতীজত পৰ্বত – পাহাৰত বাস কৰা সময়ত মিচিং সকলে আলু, কচু, গছৰ গুটি বা ফল মূলকে মূল খাদ্য হিচাপে গ্ৰহণ কৰিছিল। সেই আলু, কচু আৰু ফল মূলৰ গুটি ৰুই বা সিঁচি খোৱাৰ যি প্ৰথা সেয়াই তেওঁলোকৰ অতীত পৰম্পৰা। ভৈয়ামলৈ অহাৰ পাছত তেওঁলোকৰ প্ৰধান খেতি হ’ল – ধান, মাহ, সৰিয়হ, আলু, কচু ইত্যাদি। মূলতঃ আহু ধান সিঁচিবৰ সময়তে এই লৃগাং উৎসৱ পতা হৈছিল।

প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰি অহা হৈছে। প্ৰথম অৱস্থাত ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ধেমাজি জিলাৰ কুলাজানত অনুষ্ঠিত "মিচিং মহাসভা"ৰ (Missing Bane Kebang)ৰ সিদ্ধান্তমৰ্মে প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে "আলি আ:য়ে লৃগাং" অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তেতিয়াৰেপৰা বৰ্তমানলৈকে মিচিং ৰাইজে পৰম্পৰাগত প্ৰথা অনুসৰি অনুষ্ঠিত হৈ আহিছে মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং

দঃঞি – পঃলক উপাসনা কৰা মিচিং সকলে ধৰিত্ৰী আইক অন্নদাত্ৰী মাতৃৰুপে জ্ঞান কৰে আৰু পজাকৰে। ‘বুধবাৰ’ক মিচিং সমাজে পবিত্ৰ আৰু মংগলময় দিন হিচাপেও বিবেচনা কৰে। সেয়ে ফাগুন মাহৰ প্ৰথম বুধবাৰটোকে লৃগাং উৎসৱৰ কাৰণে বাছি লোৱা হৈছে। আগন্তুক বছৰৰ বাবে যিহেতু এই দিনটোতেই প্ৰথম শস্য সিঁচা হয়, সেয়ে নচপোৱালৈকে যাতে সেই শস্যৰ যাতে নষ্ট নহয়, পোক – পৰুৱা, বনৰীয়া জীৱ – জন্তু আৰু প্ৰাকৃতিক দুৰ্যোগে যাতে নষ্ট নকৰে তাৰ বাবে আই ধৰিত্ৰী আৰু পূৰ্বপুৰুষ সকলৰ ওচৰত আশিৰ্বাদ বিচাৰি এই উৎসৱ পালন কৰা হয়। মতা কুকুৰা মাৰি, পুৰাং ভাত দি, পঃৰ আপ্ং ঢালি, লেনং – মাৰবাং বজাই লক্ষ্মী আইক আদৰি অনা হয়।

‘লৃপপদ’ ৰ দিনৰপৰা পাঁচদিনলৈ মিচিংসকলে গেনা ৰাখে। এই পাঁচদিন তেওঁলোকে হাল-কোৰ নাবায়, হাবি-বন নাকাটে, পথাৰত জুই নিদিয়ে, ভজা-পোৰা বস্তু  নাখায়, জলকীয়া জালুক, কেহা-টেঙা আদি নাখায়। তেওঁলোকৰ বিশ্বাস যে হাল-কোৰ এই পাঁচদিনত বালে বা উপৰিউক্ত খাদ্যসম্ভাৰ এই পাঁচদিনত খালে শস্য ভাল নহয়।

আলি আয়ে লৃগাঙত সকলোৱে মিলি প্ৰীতিভোজ খায়। লৃগাং উপলক্ষে বিশেষভাৱে তৈয়াৰ কৰে পুৰাং আপিন। পুৰাং আপিন প্ৰস্তুত কৰিবৰ বাবে আগদিনাই মিচিং ডেকা-গাভৰুৱে হাবিৰপৰা অথবা নৈৰ কাষৰপৰা কৌপাত সংগ্ৰহ কৰে। কৌপাতবোৰ ভালদৰে ধুই পখালি আৰৈ চাউল , বৰা চাউল আৰু জহা চাউল মিহলাই (দুয়োবিধ চাউল এঘণ্টামান পানীত তিয়াই থ’ব লাগে) এমুঠিমান চাউল কৌপাতত নুৰিয়াই বান্ধে। এনেদৰেই প্ৰায় ডেৰশ-দুশ টোপোলা কৰি এটা ডাঙৰ বাচনত পানী উতলাই তাত সিদ্ধ কৰে। গৰমে গৰমে অথবা ঠাণ্ডাকৈ এই ‘পুৰাং’ যিকোনো মাংস অথবা গাখীৰ আৰু গুৰেৰে খাবলৈ বৰ সোৱাদযুক্ত। আলি আ:য়ে লৃগাং উপলক্ষে ২০ দিনমানৰ আগৰেপৰা মিচিং নাৰীয়ে প:ৰ (ছাই মদ) আৰু নগনি আপ্ং তৈয়াৰ কৰে।

[embed]https://www.youtube.com/watch?v=bLxny3uHmEU[/embed]

আপোনজন অথবা প্ৰেমিকৰ বাবে নিজ হাতেৰে সপোনৰ ফুল বাছি মিবুগালুপ (মিচিং চোলা),গনৰ ওগন (ধুতী) আৰু দুমেৰ (গামোচা) বৈ দিয়ে আৰু নিজৰ বাবেও বৈ লয় এগে-গাচৰ (মেখেলা-চাদৰ) ৰিবি ৰুমবুং আদি। দুহাতত জেতুকা বোলাই গামখাৰু, দুমপুন (বগা সুতাৰে কৰা ফুল), মাদলী, জোনবিৰি ,দুগদুগী আদি পিন্ধি মিচিং গাভৰুবোৰ জাক পাতি ওলাই আহে লৃগাং ছ:মান (ডেকা-গাভৰুৱে একেলগে নচা নাচ) কৰিবলৈ।

অতীজতে আলি আ:য়ে লৃগাঙৰ দিনা ডেকা-গাভৰুৱে নচা নাচক ‘লৃগাং ছ:মান’ বুলি কোৱা হৈছিল যদিও বৰ্তমানে এই নাচক ‘গুমৰাগ ছ:মান’ বুলি কোৱা হয়। এই 'গুমৰাগ ছ:মান’ৰ বাবে নিৰ্দিষ্ট গীত, ঢোলৰ ছেও, পুৰণি বাদ্য লৌ:ল:, বাৰবাং আদি বাদ্য আছে। গুমৰাগ ছ:মান লৃগাঙৰ দিনা গাঁৱৰ মুখ্য ব্যক্তি গাম বা গাঁওবুঢ়াৰ ঘৰত প্ৰথমে আৰম্ভ কৰে। তাৰ পাছত একাদিক্ৰমে শইকীয়া, বৰা, সাতোলা আৰু শেষত গাঁৱৰ অন্যান্য সকলৰ ঘৰত গুমৰাগ ছ:মান কৰে। ছ:মান কৰি পোৱা টকাৰে ডেকা-গাভৰুৱে মুৰুংঘৰ বাবে যাৱতীয় বয়বস্তু আদি লোৱাৰ উপৰি প্ৰীতিভোজ খায়। লৃগাঙৰ পঞ্চম দিনা লৃ:লেন বা চাপলেন অৰ্থাৎ গেনা ভগাৰ নিয়ম কৰে। ঘৰৰ ডাঙৰ বোৱাৰীয়ে জুইশাল সুন্দৰকৈ মচি-কাচি দিয়ে, ঘৰৰ বয়োজ্যেষ্ঠজনে জাকিত প:ৰ আপ্ং ঢালি দঞি প:ল আৰু উপৰিপুৰুষৰ নামত উচৰ্গা  কৰে আৰু গেনা ভাগে। গেনা ভগাৰ লগে লগে "মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং"ৰ সামৰণি পৰে।

No comments:

Post a Comment