অনুভৱৰ ভাষাৰে একলম

Monday, April 1, 2019

Top [5] Assamese News Paper

৫ খন জনপ্ৰিয় অসমৰ বাতৰি কাকত (অসমীয়া, দৈনিক)


আমাৰ অসম/Amar Asom


         অসমৰ বাতৰি কাকত সমুহৰ ভিতৰত আমাৰ অসম(Amar Asom) হৈছে বহুল ভাবে প্ৰকাশিত অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। এই কাকতখনৰ প্ৰকাশক হ’ল জি. এল. পাব্লিকেশ্যন লিমিটেড (G. L. Publications Ltd.)। ১৯৯৭ চনৰ ২১ এপ্ৰিলৰ পৰা এই বাতৰি কাকতখন সমসাময়িকভাৱে গুৱাহাটী, যোৰহাট আৰু উত্তৰ-লখিমপুৰৰ পৰা প্ৰকাশ পাই আহিছে। আমাৰ অসমৰ শাখা কাৰ্যালয় অসমৰ উপৰিও নতুন দিল্লী, কলকাতা আৰু  শ্বিলংতো আছে। "আমাৰ অসম" বাতৰি কাকতখনত সাধাৰনতে ১২ পৃষ্ঠা সন্নিবিষ্ট থাকে আৰু প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তৰ্জাতিক বাতৰি, খেল-জগত আদিৰ দৰে ভাগত বিভক্ত থাকে।

প্ৰথম প্ৰকাশঃ- ১৯৯৭, ২১ এপ্ৰিল
শ্লগানঃ-       সত্যনিষ্ঠ সাংবাদিকতাত উৎসৰ্গিত
সম্পাদকঃ-    প্ৰশান্ত ৰাজগুৰু
প্ৰকাশকঃ-    জিঃএলঃ পাব্লিকেচন, জিঃএচঃ ৰোড, উলুবাৰী, গুৱাহাটী-৭।
পৰিপুৰিকাঃ- পূৰ্বাচল (প্ৰতি দেওবাৰে, ৩২ পৃষ্ঠা)
                      নতুন পুৰুষ(প্ৰতি শনিবাৰে, ৪ পৃষ্ঠা)
                      ব’হাগ বিহুৰ বিশেষ (প্ৰতি বছৰে এপ্ৰিল/মে মাহত)
ৱেবচাইতঃ-    amarasom.glpublications.in
ই-মেইলঃ-      rajgurupraasanta1979@gmail.com

অসমীয়া প্ৰতিদিন/Asomiya Pratidin


         অসমৰ বাতৰি কাকত সমুহৰ ভিতৰত অসমীয়া প্ৰতিদিন (Asomiya Pratidin) হৈছে অতি জনপ্ৰিয় অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ১৯৯৫ চনত প্ৰকাশিত কাকত খনৰ প্ৰতিষ্ঠাপক সম্পাদক অজিত কুমাৰ ভূঞা আৰু প্ৰথম কাৰ্য্যবাহী সম্পাদক স্বৰ্গীয় পৰাগ কুমাৰ দাস। প্ৰাক্তন সম্পাদকসকল হ'ল অদীপ কুমাৰ ফুকন, মনজিত মহন্ত। বৰ্তমানৰ মুখ্য সম্পাদক হাইদৰ হুছেইন, সম্পাদক নিত্য বৰা আৰু কাৰ্যবাহী সম্পাদক ধ্যৰ্য হাজৰিকা। কাকতখনৰ গৰাকী তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধীকাৰী জয়ন্ত বৰুৱাৰ হৈ প্ৰকাশ কৰে যতীন চৌধুৰীয়ে । জয়ন্ত বৰুৱা মালিকানাধীন এই সাদিন-প্ৰতিদিন গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত আন আন কাকত আৰু আলোচনী হ'ল: সাদিন, সাতসৰী আৰু নন্দিনী। ইয়াৰ উপৰিও নিউজ চেনেল প্ৰতিদিন-Times সাদিন-প্ৰতিদিন গোষ্ঠীৰেই অন্তৰ্গত। এই বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ আৰু বঙাইগাঁওৰ পৰা প্ৰকাশ পায়।

প্ৰথম প্ৰকাশঃ-         ৩ মাৰ্চ, ১৯৯৫
প্ৰধান সম্পাদকঃ-    হাইদৰ হুছেইন
সম্পাদকঃ-              নিত্য বৰা
প্ৰকাশকঃ-               যতীন চৌধুৰী
মুখ্য কাৰ্যালয়ঃ-       গুৱাহাটী
মুঠ পৃষ্ঠাঃ-               ১২ পৃষ্ঠা
ভগ্নী কাকতঃ-         সাদিন
ৱেবচাইতঃ-            www.asomiyapratidin.in

দৈনিক অসম/Dainik Asam

              অসমৰ পুৰণি বাতৰি কাকত সমুহৰ ভিতৰত দৈনিক অসম হৈছে এখন অতি পুৰনি অসমীয়া বাতৰি কাকত। এই কাকত খন প্ৰথম প্ৰকাশ হয় ১৯৬৫ চনৰ ৪ আগষ্টত স্বৰ্গীয় ৰাধাগোবিন্দ বৰুৱাৰ একান্ত প্ৰচেষ্টাৰ ফলত। বৰ্তমানেও জনসাধাৰনৰ মাজত বহুল ভাবে প্ৰচলিত কাকত খন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা নিয়মীয়া কৈ প্ৰকাশিত হয়।

প্ৰথম প্ৰকাশঃ-       ৪ আগষ্ট, ১৯৬৫
সম্পাদকঃ-            প্ৰফুল্ল গোবিন্দ বৰুৱা
প্ৰকাশকঃ-             দ্য আছাম ট্ৰিবিউন পাব্লিচাৰ্ছ
মুখ্য কাৰ্যালয়ঃ-      গুৱাহাটী
মুঠ পৃষ্ঠাঃ-              ১৪ পৃষ্ঠা
ভগ্নী কাকতঃ-       দ্য আছাম ট্ৰিবিউনঅসম বাণী
ৱেবচাইটঃ-          dainik.assamtribune.com

সম্পাদকলৈ চিঠি আৰু প্ৰৱন্ধ পথোৱাৰ ঠিকনাঃ

দৈনিক অসম
The Assam Tribune Building,
GNB Road,
Guwahati-781003
executiveeditor.dainik@gmail.com


 দৈনিক জনমভূমি/Dainik Janambhumi

             অসমৰ বাতৰি কাকত সমুহৰ ভিতৰত এখন জনপ্ৰিয় অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত হৈছে দৈনিক জনমভূমি। ১৯৭২ চনৰ পৰা যোৰহাটৰ তুলসী নাৰায়ণ শৰ্মা পথত অৱস্থিত জনমভূমি গ্ৰুপ অফ পাব্লিকেশ্যনৰ পৰা প্ৰকাশ পাই অহা কাকত খনৰ প্ৰতিস্থাপক আছিল কনক চন্দ্ৰ ডেকা আৰু দেৱেশ্বৰ শৰ্মা। কাকতখনৰ প্ৰচলন আৰু জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ২০০৪ চনৰ পৰা কাকতখনৰ দ্বিতীয় সংস্কৰণটো গুৱাহাটী আৰু তৃতীয় সংস্কৰণটো তিনিচুকীয়াৰ পৰা প্ৰকাশ পায় আহিছে।

প্ৰথম প্ৰকাশঃ-        ১৯৭২ চন
শ্লগানঃ-                 নিৰ্ভিক সাংবাদিকতাৰ প্ৰতিক
প্ৰকাশকঃ-            জনমভূমি গ্ৰুপ অফ পাব্লিকেশ্যন
সম্পাদকঃ-           উৎপল বৰুৱা
পৰিপুৰিকাঃ-        সুন্ধৰা (প্ৰতি দেওবাৰে), প্ৰান্তৰ (প্ৰতি বুধবাৰে)
ৱেবছাইটঃ-          www.janambhumi.in
ই-পেপাৰঃ-          www.dainikjanambhumi.co.in

নিয়মীয়া বাৰ্তা/Niyomiya Barta

       নিয়মীয়া বাৰ্তা এখন অসমীয়া ভাষাৰ নতুন দৈনিক বাতৰি কাকত। ২০১১ চনৰ ৪ মাৰ্চত বাতৰিকাকখন প্ৰথম প্ৰকাশিত কাকতখনৰ বৰ্তমান মুখ্য সম্পাদক হোমেন বৰগোহাঞি আৰু সম্পাদক নৰেশ কলিতা। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰাৰ পৰা একেসময়তে প্ৰকাশ পায়।

প্ৰথম প্ৰকাশঃ-      ৪ মাৰ্চ, ২০১১ চন
শ্লগানঃ-                স্বদেশ আৰু স্ব-জাতিৰ সেৱাত দৃঢ় সংকল্পৰে
প্ৰকাশকঃ-           প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড
                             (আৰ্কাশীষ পাব্লিকেচন প্ৰাইভেট লিমিটেড)
সম্পাদকঃ-           নৰেশ কলিতা
পৃষ্ঠঃ-                    ১৬
মুখ্য কাৰ্যালয়ঃ-     গুৱাহাটী
ৱেবছাইটঃ-           www.niyomiyabarta.org

No comments:

Post a Comment