মৃত্যুক জয় কৰা ছোৱালীজনী
দেখাত তেনেই সাধাৰণ এজনী ছোৱালী । ভলীবল প্রিয় তাইৰ । দেশৰ হৈ ৰাষ্ট্ৰীয় দলক প্রতিনিধিত্বও কৰিছে । ইচ্ছা তাইৰ CISF ত যোগদান কৰি দেশৰ সুৰক্ষাৰ বাবে কাম কৰাৰ । সপোনক বাস্তৱ কৰাৰ পণ লৈ CISF ত ভৰ্তি হোৱাৰ ইচ্ছাৰে পৰীক্ষা দিবৰ বাবে পদ্মাৱতী নামৰ ৰেলখনত দিল্লীলৈ ৰাওনা হৈছিল। সময় আছিল অতি নিষ্ঠুৰ । মানুহ মুখাধাৰী দুস্কৃতিকাৰীৰ এটা দলে তাই পিন্ধি থকা সোণৰ হাড়ডাল দখল কৰিবলৈ গৈ তাইক চলন্ত ৰেলৰ পৰা গতিয়াই দিলে । তাই কিবা এটা কৰিব পৰাৰ শক্তি গোটাবলৈ সাজু হোৱাৰ আগতেই তাইৰ ভৰিৰ ওপৰত এখনৰ পাছত এখনকৈ ৰেল চলি গৈছিল । তাই ওৰে নিশা পৰি ৰৈছিল ৰেল ট্রেকত । চকুপানীবোৰেও তাইৰ সংগ ত্যাগ কৰিছিল । তাইৰ ভৰিৰ কটা মাংসৰ ওপৰত এন্দুৰৰ উৎপাত বাঢ়িছিল । তাই নীৰৱে সহ্য কৰি গৈছিল । মৃত্যু বিচাৰিছিল। মুক্তি বিচাৰিছিল !
অৱশেষত মানুহ আহিছিল । মানুহে জীৱন বচাবলৈ এখন ভৰিৰ বিচ্ছেদ অপৰিহাৰ্য বুলি চিকিৎসকে জনালে । আনখন ভৰিটো লগাব লাগিব লোহাৰ ছটা । সকলোৱে দুখ কৰিলে । গাভৰু ছোৱালীজনীৰ এই অৱস্থা ! কি কৰিব তাই এতিয়া ? কেনেকৈ ভৱিষ্যত জীৱন পাৰ কৰিব ? চিকিৎসালয়ত নিজৰ হেৰুওৱা ভৰিখন চাই তায়ো হয়তো ভয় খাইছিল । সকলোতে যেন আন্ধাৰ ! উশাহ ল'বলৈও যে ইমান কষ্ট ! বহুতে বহুত কথা প্ৰচাৰ কৰিলে । তাই হেনো স্ব-ইচ্ছাই মৰিব বিচাৰিছিল। তাই মিছলীয়া । কিবা এটা কৰিম -তাই ভাবিলে । কথাৰে নহয় কামেৰে উত্তৰ দিব । পৰিয়ালক জনালে তাই, পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ বগাব, নাম যাৰ এভাৰেষ্ট । মানুহে হাঁহিলে, পাগলী হ'ল সেইজনী । কৃত্ৰিম ভৰিৰে এনে সপোন দেখা ভাল নহয় বুলি ইতিকিং কৰিলে । আকাশত চাং পতা কথা । তাই হাৰ নামানিলে । লাঞ্জনাবোৰ আশীৰ্বাদ হিচাপে ল'লে । কঠোৰ পৰিশ্ৰমৰ মাজতো তাই অনুভৱ কৰিলে, ভবা আৰু কৰাৰ মাজত আছে আকাশ-পাতাল পাৰ্থক্য । তথাপি তাই হাৰিব নোৱাৰে । জিকিব লাগিব । নিজক সান্তনা দিলে । অৱশেষত সকলো বাধা নেওচি সকলোকে অবাক কৰি কৃত্ৰিম ভৰিৰে এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম ভাৰতীয় নাৰী হিচাপে তাই নিজৰ নাম লিপিবদ্ধ কৰিলে । তেতিয়াৰ পৰা আজিলৈকে তাই ৰৈ থকা নাই । এটাৰ পাছত এটাকৈ প্ৰতিখন মহাদেশৰ ওখ শৃংগবোৰ পৰাজিত কৰাৰ পাছত এইবছৰৰ জানুৱাৰী মাহত অতিকৈ দুৰ্গম এন্টাকৰ্টিকাত অৱস্থিত মাউন্ট ভিনশ্যন সফলতাৰে আৰোহণ কৰি বিশ্ববাসীৰ চকু কপালত তুলিলে ।
হয়, মই কৈছোঁ ২০১৫ বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰাপ্ত পৰ্বত আৰোহনকাৰী অৰুণিমা সিনহাৰ কথা । মৃত্যুক জীৱন দিয়া এনে যোদ্ধাই আমাক শিকাই যায়, ভাগ্য নহয়, কৰ্মহে সলনি কৰিব পাৰে মোৰ, আপোনাৰ জীৱন । সমস্যা যে সদায় সমস্যা নহয়, সেয়া তেওঁ আকৌ প্ৰমাণ কৰিলে । যিসকলে জীৱনৰ বিভিন্ন সমস্যাৰ পাল্লাত পৰি নিজৰ জীৱন ইতি পেলোৱাৰ কথা মাজে মাজে চিন্তা কৰে, কৰিছে অথবা যিসকলে নিজৰ সক্ষমতাৰ ওপৰত অবিশ্বাসৰ ডাৱৰ কঢ়িয়াই লৈ ফুৰিছে, তেওঁলোকেও কওঁক, জীৱন জিন্দাবাদ । মানুহ আমি । মৰি যাম, হাৰি নাযাওঁ ।
(দুদিনমানৰ আগতে আকৌ দুজন ছাত্ৰৰ আত্মহত্যাৰ খবৰে জীৱন কৌশলভিত্তিক শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আকৌ আমাক ভাবিবলৈ বাধ্য কৰিছে । এনে খবৰে মোক, আপোনাক মৰ্মাহত কৰে । সেয়ে, আহক সকলোৱে বৃত্তিমূলক শিক্ষাৰ লগতে জীৱন কৌশলৰ শিক্ষা প্ৰদানৰ ওপৰতো গুৰুত্ব দিওঁ । মনত ৰাখিব, আপোনাৰ মোৰ দায়িত্ব বহুত ।)
Sukumar Payeng ৰ ফেচবুক ৱালৰ পৰা
No comments:
Post a Comment