অনুভৱৰ ভাষাৰে একলম

Monday, March 25, 2019

বৃক্ষৰোপন, বিশ্ব পৰিবেশ দিৱস আৰু আমি


ধোৱা, ধুলি, উত্তাপ, উৎকত গন্ধ... চাৰিও ফালৰ পৰা যেন হেচি ধৰিছে আমাক। প্লাষ্টিক, জাৱৰ, পলিথিনৰ জ্বৰত যেন আজি প্ৰকৃতি জৰ্জৰিত। কৃতিমতাৰ ঢৌত উতি-ভাহি আমি থেলি দিছো নিজৰ ভবিস্বত টো অন্ধকাৰৰ দিশ? কেতিয়াবা কেতিয়াবা মনত প্ৰশ্নহয়, পৃথিবীৰ বাৰু আয়ুশ আৰু কেইদিন! এনে ধৰনৰ চিন্তাত চিন্তিত হৈয়ে পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰ বিচাৰি ১৯৭২ চনত ষ্টকহম চহৰত ৰাষ্ট্ৰসংঘৰ উদ্যোগত পতা আন্তর্জাতিক সন্মিলনত সর্বসম্মতিক্রমে সিদ্ধান্ত গ্রহণ কৰে ১৯৭৪ চনৰ পাঁচ জুন তৰিখটো ‘বিশ্ব পৰিৱেশ দিৱস’ (World Environment Day) হিচাপে পালন কৰিব। তেতিয়াৰে পৰা আজিলৈকে প্ৰতিবছৰে পাঁচ জুনৰ দিনটো সমগ্ৰ বিশ্বতে ‘বিশ্ব পৰিৱেশ দিৱস’ হিচাপে পালন কৰি আহিছে। পিছে আমাৰ পৰিৱেশটোক সুস্থ কৰি ৰাখিবলৈ বছৰৰ এটা দিনেই জানো যথেষ্ট?

পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰ সজাগতা যিমানেই বৃদ্ধিপাইছে, পৰিবেশ প্ৰদুষণৰ মাত্ৰা যেন তাৰ দুগুনে বৃদ্ধি পাইছে। আজি ৪৪ বছৰ ধৰি ‘বিশ্ব পৰিৱেশ দিৱস’ (World Environment Day) পালন কৰি অহা হৈছে পিচে এই ৪৪ বছৰে প্ৰদুষণৰ মাত্ৰা কিঞ্চিত হ্ৰাস পালেনে? প্ৰতিখন দেশই পৰিবেশ প্ৰদুষণ ৰোধৰ বাবে গ্ৰহন কৰিছে আইন, পিছে কিমান সফল সেই আইন বোৰ কেৱল উলংঘন কৰিবৰ বাবেইহে প্ৰস্তুত কৰাহয় নেকি এই আইনবোৰ, নে এইবোৰ একো একোটা নিচুকনি গীত?

 বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্রতি বছৰে বিভিন্ন সংগঠনে পালন কৰে বৃক্ষৰোপন কাৰ্যসূচী। হয়, আমি সকলোৱেই জানো গছ থাকিলেহে অক্সিজেন থাকিব আৰু অক্সিজেন থাকিলেহে জীৱকুল থাকিব। পিচে ৪৪ বছৰৰ আগতে যিমান সংক্ষক সেউজ ভূমি আছিল আজি যানো তাৰ ৫০ শতাংশও আছে। যদি নাই তেনেহলে প্ৰতি বছৰে ৰোপন কৰি অহা গছবোৰ কলৈ  গ'ল। এই খিনিতে অসমৰ প্ৰসংগ উল্লেখ নকৰিলে ন'হব, পৰিৱেশ প্ৰদূষণৰ সজাগতাৰ ক্ষেত্ৰত অসম হয়টো অন্যবোৰ ঠাইতকৈ এখোপ আগবঢ়া। ক্ষুদ্ৰ অনুস্থান অনুষ্ঠিত কৰিলেও তাৰ প্ৰথম কায্যসুচী যেন বৃক্ষৰোপনেই থাকিব লাগিব, অন্যথা আমাৰ ভাগৱত খনহে যেন ওলোটা হ'ব। অসমত পৰিবেশ আন্দোলন টোৰ ব্যাপক প্ৰচাৰ চলাইছে কেইগৰাকীমান শিল্পীয়ে, তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাবলৈ ভাষানাই, কিন্তু সেইসকললৈ মনৰ মাজত খলকনি তুলি থাকে এটা ক্ষুদ্ৰ প্ৰশ্নই, প্ৰতিবছৰে যে বিহুৰ মঞ্চত কমিতিৰ পৰা উপহাৰ হিচাপে লাভকৰে নাহৰ, শিলিখা পুলিবোৰ সেই বোৰ প্ৰকৃততে ৰোপন কৰাহয় নে। যদি হয় তেন্তে ক'ত আছে সেই নাহৰ বাৰীখন? বৃক্ষৰোপনৰ ক্ষেত্ৰত চৰকাৰেও বিভিন্ন পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হয়, প্ৰতি বছৰে পথৰ দাতিত, চৰকাৰী অনুস্থানৰ চৌহৰ্দত হাজাৰ হাজাৰ জোপা নামী-দামী গছৰ পুলি ৰোপন কৰি আহিছে পিছে পুলিবোৰৰ অৱস্থা হৈপৰে পুতৌজনক। আজি যদি গছবোৰৰ বাক শক্তি থাকিলে হেতেন তেতিয়া সিহঁতি নিশ্চয় ক'লে হেতন, বৃক্ষৰোপনৰ নামত আৰু অত্যাচাৰ নচলাবা আমাৰ সন্তাৰ ওপৰত, কিমান আৰু হত্যা কৰিবা আমাৰ ভ্ৰুন, নিজৰ বাবেটো তোমালোকে আইন পাতিল ল'লা!

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্রতি বছৰে একোটা  মূল বিষয় বা প্রসঙ্গ ৰাখে। এই বছৰ (২০১৮)ৰ বিশ্ব পৰিৱেশ দিৱস কাৰ্যসূচীৰ মুখ‍্য আয়োজক দেশ ভাৰতে প্লাষ্টিকৰ বিৰুদ্ধে মুকলি সংগ্ৰাম আৰম্ভ কৰিছে ‘প্লাষ্টিক প্ৰদূষণক প্ৰত্যাহ্বান জনাওক’ (Beat Plastic Pollution) বাণীৰে। হয় ভূমি প্ৰদুষণৰ মূল হৈছে এই প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ এই কথা আমি সকলোৱেই জানো। গতিকে ইয়াক লৈ পুনৰ সজাগতা সভা অনুস্থিত কৰাৰ প্ৰয়োজন বোধ নকৰো। কিন্তু কথাহৈছে সকলোবোৰ জানিও আমিযেন আজি অবুজ। অবুজনৰ ভওঁ ধৰি আৰু কিমান দিন থাকিব, আপোনাৰ বাবে ন'হলেও আপোনাৰ উত্তৰসুৰীৰ কথা ভাবক আপুনি দেখা পৃথিবীখন সিহতঁকো দেখুৱাবৰ মন আপোনাৰ জানো নাই।

No comments:

Post a Comment