বায়ু প্ৰদুষণ আৰু ভাৰত
বায়ু প্ৰদুষণ সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ
বাবে এক ভয়াবস প্ৰত্যাহবান ৰূপে পৰিগনিত হৈছে। চাৰিও ফালৰ পৰা সমগ্ৰ বিশ্ব খনক উৎকত
ধোৱা-ধুলিৰে আগুৰিধৰিছে। যাৰ ফলত পৰিবৰ্তন হৈছে গোলকীয় উষ্ণতা আৰু জলবায়ু। বিশ্বৰ উন্নত দেশবোৰৰ
তুলনাত কম জনমূৰি আয়ৰ অনুন্নত তথা
উন্নয়নশীল দেশবোৰত বায়ু প্ৰদূষণৰ প্ৰাবল্য অতি বেছি। বিশেষকৈ মধ্য পূব, দক্ষিণ পূব এছিয়া আৰু পশ্চিম প্ৰশান্তীয় অঞ্চল
অত্যধিক হাৰত বায়ু প্ৰদূষণ বাঢ়ি আহিছে। আমাৰ দেশতো অন্যান্য প্ৰদূষণৰ লগতে বায়ু
প্ৰদূষণে ভয়াবহ ৰূপ লৈছেনেকি ই হৈছে আপোনাৰ মোৰ সকলোৰে মন মগজুক জোকাৰি থকা এক ভয়াবহ আশংকা। আমি আজি জাতি, সংস্কৃতি, ভাষা, ধৰ্ম, ৰাজনীতিকে আদি বিষয়বোৰৰ ক্ষেত্ৰত যিমান সচেতন, জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত তাৰ আধাও সচেতন নহয়। যদি পৃথিবী খনে বসবাসৰ
উপযোগী হৈ নাথাকে, তেন্তে আমি বাকীবোৰ বিষয় আলোচনা কৰিম ক’ত?
বায়ু প্ৰদূষনৰ কাৰক সমুহ প্ৰাকৃতিক আৰু
কৃত্ৰিম দুই ভাৱেই সৃষ্টি হয়। ইয়াৰে বেছিভাগ প্ৰাথমিক প্ৰদূষকেই মানুহৰ দৈনন্দিন
ক্ৰিয়া-কলাপৰ যোগেদি সৃষ্টি হোৱা। প্ৰাথমিক
প্ৰদূষণৰ উৎস হৈছে ঘৰৰ ভিতৰত ব্যৱহৃত চৌকা, বিভিন্ন শক্তি প্ৰকল্প, কল-কাৰখানা, কয়লাৰ দহন, গাড়ী-মটৰ, আকাশী বাহন, নিউক্লিয়াৰ কেন্দ্ৰ, ধাননি পথাৰ বা
বনাঞ্চলত জুই জ্বলোৱা, আৱৰ্জনা জমা কৰা ঠাই ইত্যাদি।
প্ৰাকৃতিক ভাৱে প্ৰাথমিক প্ৰদূষক সৃষ্টি হোৱা উৎস আগ্নেয়গিৰিৰপৰা উত্তপ্ত লাভা
নিৰ্গত হোৱা কাৰ্য, গছ-বনবিহীন মুকলি ঠাই, ধাননি পথাৰ, বিভিন্ন জল পৰিৱেশ যেনে- খাল-বিল, জলাশয়, বনজুই ইত্যাদি।
ভাৰতৰ গ্ৰাম্য আৰু চহৰীয়া অঞ্চলৰ আকাশত প্ৰায়
স্থায়ী ৰূপত ধোঁৱা আৰু ধূলি মিশ্ৰিত কুঁৱলী সদৃশ আচ্ছাদনক বিদ্যমান আৰু ইয়াৰ কাৰণ
হৈছে কাঠ, শুকান বাঁহ-পাত, পোহনীয়া জন্তুৰ গোৱৰ ইত্যাদি ইন্ধনৰ ব্যৱহাৰ। নে ধৰণৰ ইন্ধন দহনত মাত্ৰাধিক ধোঁৱা, নাইট্ৰাছ অক্সাইড, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মন’ক্সাইড ইত্যাদি বিষাক্ত গেছ নিৰ্গত হয়। বিশ্ব সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰতত
আভ্যন্তৰীণ বায়ু প্ৰদূষণ আৰু কাৰ্বন মন’ক্সাইডৰ পৰা বিষক্ৰিয়াৰ বাবে ৩ ৰ পৰা ৪ লাখ লোকে প্ৰাণ হেৰুৱায়। ‘এছিয়ান ব্ৰাউন ক্লাউড’ৰ প্ৰধান কাৰক হৈছে বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ১৯৮১ চনতেই
ভাৰতত বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন গৃহীত হৈছিল আৰু তেতিয়াৰ পৰা
কেতবোৰ ক্ষেত্ৰত প্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। তথাপি পাৰিৱেশিক দক্ষতা সূচক
তথ্যমতে ২০১৩ চনত ১৭৮ খন দেশৰ মাজত ১৫৫, ২০১৬ চনত ১৮০ দেশৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান
আছিল ১৪১।
বাযু প্ৰদুষণৰ ফলত ভাৰতবৰ্ষত বায়ু প্ৰদূষণৰ
ফলত প্ৰতি মিনিটত দুজন লোকৰ মৃত্যু হয়। বাৰ্ষিক হিচাপত এই হাৰ প্ৰয় দহ লাখ। “লেন্সেট প্লেনেটাৰী হেল্থ” নামৰ পত্ৰিকা এখনত প্ৰকাশিত এক শেহতীয়া তথ্য মতে ২০১৭ চনত বায়ু প্ৰদূষনৰ
ফলত ১.২৪ মিলিয়ন ভাৰতীয়ৰ মৃত্যু হৈছিল যি গড়ে ভাৰতত হোৱা আঠটা মৃত্যুৰ ভিতৰত এটাৰ
সমান।
বিশ্ব স্বাস্থ্য
সংস্থাই প্ৰকাশ কৰা তথ্যমতে পৃথিৱীৰ সবাতোকৈ বেছি প্ৰদূষিত হোৱা চহৰৰ প্ৰথম ১৪খন
চহৰ ভাৰতত অৱস্থিত৷ এই প্ৰদূষিত চহৰকেইখন হ’ল যথাক্ৰমে কাণপুৰ, ফৰিদাবাদ, বাৰানসী, গয়া, পাটনা, দিল্লী, লক্ষ্মৌ, আগ্ৰা, মুজাফ্ফৰনগৰ, শ্ৰীনগৰ, গুৰগাঁও, জয়পুৰ, পাটিয়ালা আৰু যোধপুৰ৷ এয়া অতি ভয়াবহ খবৰ৷ বায়ু প্ৰদূষণৰ
ফলত আমাৰ শৰীৰত বিভিন্ন ৰোগ যেনে- উশাহ-নিশাহত কষ্ট পোৱা, হৃদৰোগ, ষ্ট্ৰ’ক, হাঁওফাঁওৰ কৰ্কট ৰোগ ইত্যাদি হয়। ভাৰতবৰ্ষত বায়ু প্ৰদূষণৰ ফলত হোৱা এষ্টমা
ৰোগত সৰ্বাধিক লোকৰ মৃত্যু হয়। দিনক দিনে বৃদ্ধিপাই অহা নিৰ্বনানীকৰন আৰু উদ্যোগীকৰনে বায়ু প্ৰদূষণৰ
মাত্ৰা বাঢ়ি যোৱাত ইন্ধন যোগাই আহিছে। উল্লেক্ষ্য যে আমি সকলোৱে পুৱা-গধুলী
দৈনন্দিন ব্যৱহাৰ কৰি অহা শুগন্ধী ধুপ কাঠিডালেও বায়ু প্ৰদুষণত যথেষ্ট ভুমিকা
গ্ৰহন কৰি আহিছে। বিজ্ঞানী সকলে ধূপৰ পৰা ওলোৱা ধোঁৱা মটৰগাড়ী তথা চিগাৰেটৰপৰা
ওলোৱা ধোঁৱাতকৈ কম বিষাক্ত নহয় বুলি বিজ্ঞানীসকলে দাবী কৰিছে। অকল মানৱ শৰীৰৰপৰা উৎপন্ন হোৱা
কাৰ্বন-ডাই-অক্সাইডে বায়ু প্ৰদূষণত ৫ শতাংশ অৰিহণা যোগান ধৰে। ভাৰতবৰ্ষৰ বায়ু
প্ৰদূষণৰ ৫০ শতাংশ আহে শক্তি প্ৰকল্পৰপৰা। ইয়াৰ উপৰিও যানবাহনৰ পৰা নিৰ্গত ধোঁৱা, হাইড্ৰ’কাৰ্বন, কাৰ্বন মনো অক্সাইড, নাইট্ৰ’জেন অক্সাইড আদিয়ে বায়ুক অধিক প্ৰদূষিত কৰি তুলিছে। অধিক পুৰণি গাড়ী, মটৰচাইকেল ব্যৱহাৰ বন্ধ কৰাৰ আইন আছে যদিও
আইনৰ চকুত ধুলিমাৰি চলিথকা এনেবোৰ গাড়ীৰপৰা নিৰ্গত হোৱা ধোঁৱাই অধিক ভয়ংকৰ কৰি
তুলিছে বায়ু প্ৰদূষণ। প্ৰদুষণ ৰোধ সকলো মানুহৰে নৈতিক দ্বায়িত্ব আৰু কৰ্তব্য,
গতিকে সময় থাকোতেই সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে গোটেই বিশ্বই ইয়াৰ ভয়াবহ পৰিনামৰ সন্মুখীন হ’ব।
বিকাশ নাথ
সাংবাদিকতা আৰু গনসংযোগ
অধ্যয়ন কেন্দ্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
দুৰভাষঃ
৮৪৭৪৮১০৯৫০
No comments:
Post a Comment