অনুভৱৰ ভাষাৰে একলম

Monday, February 1, 2021

ম'জে ৰিবা, স্বাধীনতা সংগ্ৰামৰ প্ৰথম অৰুনাচলী ব্যক্তি

Moje_Riba_freedom_fighters_of_Arunachal_Pradesh

ভাৰতবৰ্ষ স্বাধীনতা আন্দোলনৰ এনে কিছুমান সংগ্ৰামী আছে যি সকলৰ বিষয়ে সততে চৰ্চা কৰা নহয়, দেশ স্বাধীনতা বাবে নিজৰ জীৱনৰ সৰ্বোচ্ছ ত্যাগ কৰাৰ পিছতো আজিও অখ্যাত হৈ থাকি গ’ল এই সকল লোক। তেনে এজন স্বদেশপ্ৰেমী বীৰ সন্তান হৈছে ম'জে ৰিবা।

১৮৯০ চনত বৰ্তমানৰ অৰুনাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দৰিং(দৰি) বস্তিত জন্ম গ্ৰহন কৰা ম'জে ৰিবা এজন দেশপ্ৰেমী আৰু দয়ালু ব্যক্তি। গাঁৱৰ মানুহে তেওঁক শ্ৰদ্ধাতে গাঁৱৰ গাওঁ বুঢ়া পাতি দিছিল। পেছাত এজন ব্যৱসায়ী ৰিবাই বিশাল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে ডিব্ৰুগড়ত হিন্দীভাষী বন্ধুসকলৰ সৈতে বেতজাতীয় সামগ্ৰী ব্যৱসায় কৰিছিল। ডিব্ৰুগড়তেই তেওঁ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আৰম্ভহোৱা স্বাধীনতা আন্দোলনৰ বিষয়ে অৱগত হৈছিল আৰু তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভহোৱা আন্দোলনত যোগদান কৰিবলৈ অনুপ্ৰেৰিত হৈছিল।
Moje_Riba_with_Smt_Indira_Gandhi
তাম্ৰপত্ৰ গ্ৰহন কৰাৰ মূহুত্বত ইন্দিৰা গান্ধীৰ সৈতে ম'জে ৰিবা
স্বাধীনতা আন্দোলনৰ প্ৰতি সমৰ্থন জনাবলৈ তেওঁ দিৰাং বাসীক একত্ৰিত কৰিছিল আৰু শদিয়াত এখন জনসমাবেশৰ আয়োজন কৰিছিল য’ত তেওঁ গোপীনাথ বৰদলৈ আৰু ললিত হাজাৰিকাক লগ পাইছিল। বৰদলৈয়ে তেওঁক অধিক কাম কৰিবলৈ আৰু জাতীয় কংগ্ৰেছৰ বাবে সমৰ্থন আদায় কৰিবলৈ আইএনচিত যোগদান কৰিবলৈ পৰামৰ্শ দিছিল। এনেদৰে, তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছত (INC) যোগদান কৰে। আইঃএনঃচিঃত যোগদান কৰাৰ পিছতেই ম'জে ৰিবা অৰুণাচল প্ৰদেশৰ প্ৰথম আইএনচি সভাপতি হিচাপে নিযুক্ত হৈছিল। পৰবৰ্তী সময়ত তেওঁ দেশৰ স্বাধীনতা সংগ্ৰামৰ যাত্ৰা পথত বিভিন্ন ধৰণে অৰিহণা আগবঢ়াইগৈছে বহুতো শোভাযাত্ৰা আৰু সভা সমিতিত তেওঁৰ সমৰ্থকসকলক নেতৃত্ব দিছিল। তেওঁৱেই পোন প্ৰথমবাৰৰ বাবে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা আৰুনাচল প্ৰদেশৰ দিপা বস্তিত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল।

ভাৰতৰ আন্দোলনত তেওঁৰ ত্যাগ আৰু অৱদানৰ বাবে, ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়ে ১৯৭২ চনৰ ১৫ তাৰিখে স্বাধীনতা দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ উপলক্ষে আয়োজন কৰা এক বিশেষ অনুস্থানত তেওঁক তামৰা পাত্ৰৰে সন্মানীত কৰে।
ম'জে ৰিবাৰ সমাধিক্ষেত্ৰ
এই মহান, সিংহ পুৰুষে ১৯৮২ চনত দাৰিঙে থকা তেওঁৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ ভক্তিবোধ, দেশপ্ৰেম তথা সাহসীকতাই সদায় অহা প্ৰজন্মক অনুপ্ৰাণিত আৰু অনুপ্ৰেৰিত কৰিব।

No comments:

Post a Comment