অনুভৱৰ ভাষাৰে একলম

Monday, June 3, 2019

থলুাৱা মাছৰ সংৰক্ষন আৰু মীন আইন-১৮৯৭

থলুাৱা মাছৰ সংৰক্ষন আৰু মীন আইন-১৮৯৭

বসন্তৰ আগমনৰ লগেলগে সকলোৰে মন-প্ৰাণ ৰঙেৰে ভৰি উঠে থিক তেনেদৰে নৈ, বিল, পুখুৰী, জলায়  আদিও উপচি পৰে পানীৰে। এই সময়খিনি মাছৰ বাবে অত্যন্ত গুৰুত্বপূৰ্নসময়। বাৰিষাৰ ন পানীপাই আনন্দত আত্মহাৰা হোৱা মাছবোৰে এইখিনি সময়তেই প্ৰজননৰ বাবে দৰ পৰা বামলৈ উজাই যোৱা পৰিলক্ষিত হয় আৰু তেতিয়াই কিছুমান দুষ্কৃতিপৰায়ণ লোকে ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ নিমিত্তে অকালতে মাছ মাৰি ধ্বংস কৰে। ফলত এসময়ত নদন-বদন হৈ থকা অসমৰ জলাশয়সমূহত আজি মাছ নোহোৱা হৈ পৰিছে।


এক সমীক্ষা মতে, অসমত ২১৭ বিধ প্ৰজাতিৰ মাছ আছিল। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ আৰু ১৯৯৮ চনত হোৱা কেম্পৰ (Conservation Assessment and Management Plan) প্ৰতিবেদনত অসমৰ তিনিটা প্ৰজাতিৰ মাছ অতিকৈ ২৬ বিধ বিপন্ন আৰু ৪৭ বিধ মাছৰ প্ৰজাতি সংকটাপূৰ্ণ প্ৰকাশ পাইছে। তাৰ ভিতৰত তৃপ্তিদ্বায়ক মাছ- চেনিপুঠি, পাভ, শিঙৰা, এলেং আদিয়েই প্ৰধান।অসমৰ গোলাঘাট, ডিব্ৰুগড়, গোৱালপাৰা আদি জিলাত পোৱা Channa Barca (স্থানীয় নাম- “ছেঙ গৰকা”) নামৰ প্ৰজাতি বিধ বহি বিদেশৰ বজাৰত এটা ১৫-২০ ছেঃমিঃ ৰ মাছ ১-২ লাখ টকালৈকে বিক্ৰী হোৱা দেখা যায়।যায়। কিন্তু অসমৰ মানুহৰ সজাগতাহীনতা আৰু ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবে এই মাছবোৰ লাহে লাহে নোহোৱা হৈ আহিছে। অসমত মাছৰ সংখ্যা দিনকদিনে কমি অহাৰ কাৰণসমূহৰ বেছিভাগেই আমি নিজেই সৃষ্টি কৰা। আমাৰ নৈ, বিল, পুখুৰী, জলাশয় আদিত জধে-মধে জাল মৰা, গেছ-বিহ দি মাছ মৰা, মাছৰ কণী পাৰিবৰ সময়ত জালেৰে মাছ মাৰি বিক্ৰী কৰা, অতি ঘন জাল ব্যৱহাৰ কৰি মাছৰ একেবাৰে সৰু পোৱালি ধৰি নষ্ট কৰা, মাছৰ বসতিপূৰ্ণ ঠাই ধ্বংস কৰা, মাছে কণী পৰা ঠাই ধ্বংস ইত্যাদিয়েই মাছৰ সংখ্যা দিনকদিনে নিম্নগামী হোৱাৰ মূল কাৰণ।


চৰকাৰে মাছৰ সংৰক্ষনৰ প্ৰতি লক্ষ্যৰাখি ভাৰতীয় মীন আইন-১৮৯৭ প্ৰৰ্বতন কৰিছে। এই আইন অনুসৰি মাছৰ প্ৰজননৰ সময়ত অৰ্থাত এক প্ৰিলৰপৰা ১৫ জুলাই পৰ্যন্ত নৈ, বিল আদিত ৭ ছেন্টিমিটাৰ তকৈ কম বৰ্গৰ জালেৰে মাছ ধৰা বন্ধ, এক এপ্ৰিলৰপৰা ১৪ জুলাই পৰ্যন্ত মাছৰ প্ৰজননৰ সময়ছোৱাত ৰৌ, বাহু, মিৰিকা, চিতল, লীয়াজৰা, কুঢ়ি আদিৰ গাভিনী মাছ কোনো মীন মহলত ধৰা নিষেধ থিক তেনেদৰে এক আগষ্টৰ পৰা ৩১ অক্টোবৰ পৰ্যন্ত ৰৌ, বাহু, মিৰিকা, চিতল, কলীয়াজৰা, কুঢ়ি আদি মাছৰ ১০ ছেন্টিমিটাৰ(৩.৯ ইঞ্চি) দৈৰ্ঘ্যৰ কম পোনা খোৱাৰ বাবে বিক্ৰী কৰা নিষেধ। উক্ত আইন অনুসৰি বছৰৰ যিকোনো সময়তে নৈ, বিল, পুখুৰী, জলাশয় আদিত আঠুৱা জাল ব্যৱহাৰ কৰা নিষেধ। উল্লিখিতিত নিয়মসমূহ ভংগ কৰা লোক বা ভাৰতীয় মীন আইন-১৮৯৭(১) ধাৰা মতে দণ্ডাধীশ, আৰক্ষী বিষয়া বা মীন উন্নয়ন বিষয়া বা তাৰ ওপৰৰ বিষয়াই গ্ৰেপ্তাৰ কৰাৰ উপৰি বিধি অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে যদিও বৰ্তমানলৈকে এই আইন উপযুক্তভাৱে প্ৰয়োগ হোৱা পৰিলক্ষিত নাই।
অকল চৰকাৰী পক্ষকে দোষাৰোপ কৰি থকাৰ পৰিবৰ্তে, জীভাৰ তৃপ্তিক সংযম কৰি ৰাইজে মীন আইনৰ সদ্ব্যৱহাৰ কৰি কোনো দুষ্কৃতিকাৰীয়ে লুকাই চুৰকৈ মাছ মৰা বন্ধৰ সময়তো মাছ মাৰি কণীযুক্ত মাছ বিক্ৰী কৰা দৃষ্টিগোচৰ হলে ততালিকৈ জিলা মীন উন্নয়ন বিষয়া তথা আৰক্ষী চকীত অৱগত কৰি সকলোৱে মাছক সংৰক্ষণ তথা মাছৰ প্ৰজাতি ধ্বংস কৰাৰ পৰা বিৰত থাকিবলৈ মাৰবান্ধি থিয় দিলে নিশ্চয়কৈ সুফল পোৱা যাব।

বিকাশ নাথ
দুৰভাষঃ৮৪৭৪৮১০৯৫০

No comments:

Post a Comment