বিলুপ্ত
পথত শগুন আৰু মৰাত্মক ডাইক্লফেনাক
বাৰিষাৰ বৰষুণ জাক অহাৰ লগে লগে পথাৰৰ মাজত থকা ডাঙৰ গছ বিলাকৰ তলত
সততেই দৃষ্টি গোচৰ হয় প্ৰকৃতি জগতৰ দক্ষ জামাদাৰ শগুন পক্ষী। পিছে এতিয়া
অসমৰ আকাশত শগুন–হাড়গিলাৰ মুক্ত বিচৰনৰ দৃশ্য তেনেই বিৰল। গাঁও সমূহৰ আঁহত, শিমলু, বট আদি ওখ ওখ
গছবোৰত জিৰণি লোৱা, সেইবোৰত সাঁজি লোৱা বাঁহবোৰৰ পৰা নিৰাপদে পোৱালি জগাই নিয়া
দৃশ্যবোৰো আজি অতিত। প্ৰকৃতিৰ জামাদাৰ শগুন সম্প্ৰতি সংকটৰ গৰাহত। পিছে শগুনৰ এই
সংকট প্ৰাকৃতিক ন’ হয়, ই জীৱশ্ৰেষ্ঠ মানুহ কু-কৰ্মৰ পৰিনাম হে।
প্ৰকৃতিৰ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ ক্ষেত্ৰত
শগুনে সমাজত এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰকৃতিৰ পৰিচ্ছন্নকামী চৰাই হিচাবে বিভিন্ন
ঠাইত পৰি থকা মৃত জীৱ-জন্ত্ত ভক্ষন কৰি শগুনে প্ৰাকৃতিক সুস্থিৰতা প্ৰদান কৰাৰ
লগতে মানৱ সমাজৰো উপকাৰ সাধন কৰি আহিছে। শগুনক স্বৰ্গৰ দূত ৰূপে বিশ্বাস কৰে যিয়ে
মৃত্যুৰ পিছত মৃতকৰ আত্মাক স্বৰ্গলৈ লৈ যায়। আজিৰ পৰা প্ৰয় কিছু বছৰৰ আগলৈকে আমাৰ আকাশত
জাক জাক শগুনৰ পৰিভ্ৰমন এক চিৰপৰিচিত দৃশ্য আছিল। যিয়ে কোনো পশু তথা জীৱ-জন্তুৰ
মৃত্যু হোৱাৰ ইঙ্গিত বহন কৰিছিল, পিছে সেই দৃশ্য আজিৰ দিনত দূৰ্লভ। পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত শগুনে এক
গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি অহাৰ পিছতো ইয়াৰ কিম্ভুত কিম্বাকাৰ দেহৰ গঠনৰ বাবে
বহুতে ইয়াক এক লুভীয়া, হ্ৰিংসুক তথা
ভয়ংকৰ চিকাৰী চৰাই হিচাবে অপবাদ দি অহাৰ হেতুকে বহুক্ষেত্ৰত ই মানুহৰ ৰোষৰ বলি হৈ
প্ৰাণ হেৰুৱাব লগা হৈছে।
শেহতীয়াকৈ প্ৰকৃতি প্ৰেমী আৰু একাংশ চিকিৎসক, গৱেষকসকলে প্ৰকাশ কৰা মতে
পক্ষীকুলৰ অস্তিত্ব সংকট নমাই অনাৰ মুল কাৰক হৈছে- ডাইক্লফিনাক দৰৱ। পশু
চিকিৎসাৰ খাতিৰত ব্যৱহাৰ কৰা এই ডাইক্লফিনাক ঔষধৰ নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য
ৰাখি কেন্দ্ৰীয় চৰকাৰে ২০০৬
বৰ্ষৰ পৰা এই ঔষধৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও এই মাৰাত্মক ঔষধ পশু চিকিৎসাৰ
ক্ষেত্ৰত গোপনে এচাম পশু চিকিৎসক, ব্যৱসায়ীয়ে ব্যৱহাৰ কৰি অহাৰ সমসাময়িক ভাৱে ইয়াৰ কু-ফলৰ জৰিয়তে আক্ৰান্ত হৈ
আহিছে শগুন পক্ষী। উল্লেখ্য যে, এই ঔষধ প্ৰয়োগ কৰা পশুৰ মৃত্যুৰ ৭২ ঘন্টাৰ ভিতৰত মৃত পশুৰ মাংস ভক্ষণ কৰা
শগুন নিশ্চিত ভাৱে মৃত্যু মুখত পৰে।
ভাৰতত পোৱা ৯ টা প্ৰজাতিৰ শগুনৰ অসমত ৫ টা
প্ৰজাতিয়েই পোৱা যায়। কিন্তু ইহঁতৰ সংখ্যা দ্ৰুতগতিত কমি আহিবলৈ ধৰিছে। বিভিন্ন
সময়ত ৰাজ্যখনৰ বিষক্ৰিয়াৰ ফলত হোৱা শগুনৰ মৃত্যুৰ বাতৰিৰ শিৰোনামে কপাই গৈছে
ৰাজ্য। তথাপিও যেন কানসাৰ নাই বন বিভাগৰ। তথ্য মতে, দুইদশকৰ পূৰ্বে দেশত প্ৰায় ৪০ নিযুত শগুণ
আছিল যদিও বৰ্তমান
প্ৰায় ৬০,০০০ মান শগুণহে সমগ্ৰ দেশতে বাছি আছে। কাৰন তথাকথিত জীৱশ্ৰেষ্ঠ মানুহৰ অবিবেচক কৰ্মকাণ্ডই এই উপকাৰী শান্ত
প্ৰকৃতিৰ পক্ষীটোৰ প্ৰতি অস্তিত্ত্বৰ ভাবুকি কঢিয়াই আনিছে। যাৰ বাবে পৃথিৱীত ইহঁতৰ
সংখ্যা ভয়াবহ ভাৱে হ্ৰাসপাইছে। আনহাতে শগুনৰ বংশবৃদ্ধিৰ হাৰো যথেষ্ট কম। এহাল
প্ৰাপ্তবয়স্ক শগুনে এবছৰত মাত্ৰ এটা কণীহে পাৰিবলৈ সক্ষম হয়। আনহাতে অবাধ বনাঞ্চল
ধ্ধংসৰ ফলস্বৰূপে ইহঁতৰ বাবে প্ৰয়োজনীয় আবাসস্থলী তথা বিশ্ৰামৰ বাবে ওখ গছসমূহৰ
সংখ্যা কমি অহাৰ হেতুকে ইহঁতৰ বংশবৃদ্ধিত বিৰূপ প্ৰভাৱ পেলাইছে। শগুনৰ বংশৰক্ষা
কৰিবলৈ হ’লে ইহঁতৰ বাবে
এক সুস্থিৰ পৰিবেশ গঠনৰ প্ৰতি বদ্ধ পৰিকৰ হ’ব লাগিব। ইয়াৰ বাবে লাগিব চৰকাৰৰ সদিচ্ছা আৰু
সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সচেতনতা আৰু সহায় সহযোগিতা। ইয়াৰ
অন্যথাই ডাইন’ছৰ বিলুপ্ত
হোৱাৰ দ্বৰে শগুনবোৰো পৃথিৱীৰ বুকুৰ পৰা সম্পূৰ্ণৰূপে লুপ্ত হ’বলৈ বেছি পৰ নালাগিব।
বিকাশ নাথ
দুৰভাষঃ৮৪৭৪৮১০৯৫০
No comments:
Post a Comment