বিশ্ব বৰ্ষাৰন্য দিৱস
আজি ২২ জুন বিশ্ব বৰ্ষাৰন্য দিৱস
পৃথিৱীৰ আটাইতকৈ সমৃদ্ধিশালী আৰু চহকী অৰণ্য হিচাপে চিহ্নিত বিষুৱৰেখাৰ
দুয়োফালে ক্রান্তীয় অঞ্চলত দেখিবলৈ পোৱা অৰণ্যৰাজিক ক্রান্তীয় অৰণ্য বা ট্ৰ’পিকেল ৰেইন
ফৰেষ্ট বুলি কোৱা হয়। অনবৰতে সেমেকা বাতাবৰণে বিৰাজ কৰা এনে অৰণ্যবোৰত বাৰ্ষিক
বৃষ্টিপাতৰ পৰিমাণ আশী ইঞ্চিতকৈও বেছি হোৱা দেখা যায়।
জৈৱবৈচিত্ৰ্যত অতি সমৃদ্ধ এনে অৰণ্যক বুজাবলৈ ১৮৯৮ চনত এজন জাৰ্মান
উদ্ভিদবিদে পোনপ্ৰথম ৰেইনফৰেষ্ট শব্দটো ব্যৱহাৰ কৰিছিল৷ বিভিন্ন প্ৰাণীৰ জন্ম আৰু
বিকাশৰ অনুকুল পৰিৱেশৰ আবাসস্থল এনে অৰণ্যৰ সূৰ্যৰ ৰশ্মিয়ে চুই যোৱা শীৰ্ষস্তৰৰ
পাতৰপৰা শেলুৱৈয়ে আৱৰা ভূমি সংলগ্ন স্তৰৰ শিপা আৰু জলাশয়ৰ অন্তৰ্ভাগৰলৈকে
বৰ্ষাৰণ্যৰ প্ৰতিটো স্তৰেই বিভিন্ন প্ৰজাতিৰ জীৱকুলৰ আশ্ৰয়স্থল৷ পৃথিৱীৰ প্ৰায় দুই
লাখ পঁচিশ হাজাৰ প্ৰজাতিৰ উদ্ভিদ আৰু বাৰ লাখ প্ৰজাতিৰ প্ৰাণীকুলৰ সৰহভাগৰে
বাসস্থান এই বৰ্ষাৰণ্য৷ তদুপৰি, বিশ্বৰ প্ৰায় পঞ্চাশ কোটি মানুহ প্ৰত্যক্ষ বা পৰোক্ষভাৱে
বৰ্ষাৰণ্যৰ ওপৰত নিৰ্ভৰশীল৷
সমগ্ৰ বিশ্বৰে মুঠ ৮৫ খন দেশত বৰ্ষাৰণ্যৰ উপস্থিতি দেখা গৈছে।
বৰ্ষাৰণ্য থকা বিশ্বৰ প্ৰধান কেইটামান অঞ্চল হৈছে আফ্ৰিকা, ইণ্ডোনেছিয়া, দক্ষিণ-পূব
এছিয়া, লেটিন আমেৰিকা, জাইৰে আৰু প্ৰশান্ত মহাসাগৰৰ উপদ্বীপবোৰ।
বৰ্ষাৰণ্যৰ স্তৰ
বৰ্ষাৰণ্যৰ
উদ্ভিদসমূহৰ চাৰিটা প্ৰধান স্তৰ থাকে।
- শীৰ্ষস্তৰ
(Emergent Layer):
Layer of Rain forest |
এই স্তৰৰ উদ্ভিদসমূহ আটাইতকৈ ওখ। শীৰ্ষস্তৰৰ গছবোৰ সাধাৰণতে ১১৫ ফুটৰপৰা ১৫০ ফুট পৰ্যন্ত ওখ হয়৷ এনেধৰনৰ গছবোৰৰ ঘনত্ব কম আৰু পাতবোৰ সৰু আৰু দেখাত এটা মেলি থোৱা ছাতিৰ দৰে, গা-গছডাল ওখ আৰু খীণ৷
- মধ্য
স্তৰ (Canopy Layer):
নিম্ন স্তৰৰ ওপৰতো একে উচ্চতাৰ গছ-গছনি পৰিলক্ষিত হয়। এই স্তৰৰ গছবোৰৰ শীৰ্ষভাগ সাধাৰণতে চেপেটা আৰু ৬৫ৰপৰা ১০০ ফুট পৰ্যন্ত ওখ হয়৷ এই স্তৰৰ গছ বোৰে প্ৰায় সমগ্ৰ অৰণ্যখনকে এটা বৃহৎ ছাতিৰদৰে ঢাকি ৰাখে৷ স্তৰৰ গছৰ পাতবোৰে সূৰ্যৰ বেছিভাগ ৰশ্মি আহৰণ কৰে৷ কেৱল দুইৰপৰা পাঁচ শতাংশমান ৰশ্মিহে এই স্তৰৰ মাজেৰে পাৰ হৈ অৰণ্যৰ ভূমিভাগত পৰে৷
- নিম্ন
স্তৰ (Understory Layer):
ভূমিসংলগ্ন স্তৰৰ ওপৰত একে উচ্চতাৰ গছ দেখা পোৱা যায়। এই স্তৰৰ গছবোৰ সাধাৰণতে ১৫ৰ পৰা ২০ ফুটলৈকে ওখ হয়৷
- ভূমিসংলগ্ন
স্তৰ (Herb Layer):
এই স্তৰ অৰ্থাৎ অৰণ্যৰ ভূমিভাগ বিভিন্ন ঢেঁকীয়াজাতীয় উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ, বিভিন্ন প্ৰজাতিৰ কচু, বেত, ঘাঁহ, বনৰীয়া কল, ঘাঁহজাতীয় উদ্ভিদ আৰু পাতাবাহাৰৰ দৰে ৰঙীণ গছেৰে পৰিপূৰ্ণ হৈ থাকে।
বৰ্ষাৰণ্যই হৈছে পৃথিৱীৰ বহুতো আপুৰুগীয়া বন্যপ্ৰাণীৰ বাসস্থান৷ সেয়েহে এনে অৰণ্যত প্ৰাণ প্ৰাচুৰ্যও বেছি পৰিলক্ষিত হয়৷ আনহাতে বৰ্ষাৰণ্য পৃথিৱীৰ জৈৱবৈচিত্ৰ্যৰ ভাণ্ডাৰ৷ ই হাজাৰ হাজাৰ প্ৰজাতিৰ ঔষধি উদ্ভিদৰো বাসস্থান৷ মানুহৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৰ্ষাৰণ্যবোৰে ভৱিষ্যতে ঔষধৰ ভঁৰাল হিচাপে কাম কৰিব৷ বৰ্ষাৰণ্যক বিজ্ঞানীমহলে সেয়েহে জীৱন্ত পৰীক্ষাগাৰ বুলিও আখ্যা দিছে৷
বৰ্ষাৰন্যৰ সংকটময় ভবিষ্যৎ আৰু প্ৰকৃতিৰ প্ৰতি সংশয়ঃ
Fire of Amazon Rain forest |
উদ্যোগীকৰন আৰু পূজিবাদৰ নিদ্ৰাত দুব গৈ আধুনিক(যান্তিক) বিশ্বৰ চপ্নত মৰিচিকা খেদি ফুৰা মানৱ জাতিৰ সম্পদ আহৰনৰ দৌৰ খনত আজি ভবিষ্যতৰ প্ৰতি সংশয় নামি আহিছে বৰ্ষাৰণ্য সমূহৰ। তাৰ লগে লগে বৃদ্ধি পাইছে পৃথিবীৰ ভবিষ্যতৰ আশংকা। বিগত বৰ্ষবোৰত সৰু সৰু কৈ জ্বলি জ্বলি ২০১৯ বৰ্ষত সৰ্বগ্ৰাহী ৰূপ লোৱা আমাজনৰ অগ্নিকাণ্ডই এই আশংকাক অধিক গ্ৰাঢ় কৰি তুলিছে। পৃথিবীৰ হৃদপিণ্ড ৰূপে জনাজাত আমাজান বৰ্ষাৰণ্যই পৃথিবীৰ ২০ শতাংশ অক্সিজেন যোগান ধৰি আহিছিল পিছে ২০১৯ ৰ অগ্নিকাণ্ডত আমাজন বৰ্ষাৰণ্যখনৰ প্ৰায় ৬০ শতাংশ জ্বলি নষ্ট হৈ গৈছে। তাৰ ফলত অৰণ্য খনৰ বহুতো প্ৰাণীকুল চিৰকালৰ বাবে জাহ গ’ল অগ্নিৰ বুকুত। যিবোৰৰ হয়তো পৰিচয়েই ন’হল মানৱ জাতিৰ লগত। এই দৰে আজি আমাজনেই নহয় বিশ্বৰ সকলো বৰ্ষাৰণ্যই সংকতৰ গৰাহত।
দিহিং পাটকাইৰ সংকতঃ
Protest against Dehing Patkai Col Mining |
সেহতিয়াকৈ ২০০৪ চনৰ জানুৱাৰী মাহৰ ১২ তাৰিখে স্বীকৃতিপ্ৰাপ্ত উজনি অসমৰ
ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজত অৱস্থিত দিহিং পাটকাই বনাঞ্চলৰ প্ৰতি আহি
পৰিছে চৰম ভাবুকি। ১৪০ প্ৰকাৰৰ পখিলা, ৪৩০ প্ৰকাৰৰ পতঙ্গ, ৭৬ প্ৰকাৰৰ
মাছ, ১৩ প্ৰকাৰৰ কেঁচু, ৫ প্ৰকাৰৰ জোক,
ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী
বাঘ, সোণোৱালী নেজৰ বান্দৰ, হলৌ বান্দৰ, সেন্দুৰী বান্দৰ,
টুপীমূৰীয়া বান্দৰ, কেটেলেপহু, শৰপহু, হাতী, ক'লা ভালুক, ২৯৩ প্ৰকাৰৰ
চৰাই উপৰিও প্ৰায় ১০১ বিধৰ অতি সুন্দৰ কপৌফুলেৰে সমৃদ্ধ বৰ্ষাৰণ্যখনত অবৈধ ভাবে
চলা মুক্ত কয়লা খননে অৰন্যখনৰ ভবিষ্যত সংকটৰ গৰাহলৈ ঠেলি নিছে। ৰাষ্ট্ৰীয় তলাবন্ধ
চলি থকাৰ মাজতেই অসমৰ দিহিং পাটকাই বৰ্ষাৰণ্যৰ প্ৰায় ৯৮ হেক্টৰ ভূমিত কয়লা খননৰ
বাবে “নেচনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফ”
নামৰ চৰকাৰী সংস্থাটোৱে অনুমতি প্ৰদান
কৰি এই যাত্ৰাত অধিক শক্তি যোগাইছে।
জীৱশ্ৰেষ্ঠ মানুহৰ সীমাহীন প্ৰলোভন আৰু
পুঁজিপতি শ্ৰেণীটোৰ অবাধ লুন্ঠনে ইতিমধ্যে পৃথিৱী নামৰ এই বাসোপযোগী গ্ৰহটোৰ
পৰিস্থিতিতন্ত্ৰৰ সন্তুলন ৰক্ষাত প্ৰধান প্ৰতিবন্ধক হিচাপে থিয়দি আহিছে৷ ফলত
বিশ্ববাসীয়ে আজি পৰিৱেশ প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন ইত্যাদিৰ দৰে গম্ভীৰ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে৷
সময় থাকোঁতে এই সংকটৰ পৰা পৰিত্ৰাণ পাব
নোৱাৰিলে পৃথিৱীখন মানুহৰ বাবে বাসোপযোগী হৈ নাথাকিব৷
এয়া সময় সিদ্ধান্ত লোৱাৰ, এয়া সময় সচেতন
হোৱাৰ।
#SaveRainforestSaveEarth
#SaveRainforestSaveFuture
No comments:
Post a Comment