অনুভৱৰ ভাষাৰে একলম

Wednesday, November 4, 2020

বর্ণালী গগৈ, বায়ুসেনাত অসমৰ প্রথম মহিলা উইং কমাণ্ডাৰ

চৰাই ৰ দৰে মান লৈ পাখিমেলি আকাশত উৰিফুৰা এগৰাকী মহিলা, নাম  বর্ণালী গগৈ ৷ লখিমপুৰ নগৰৰ নকাৰীৰ দুই নং ৱার্ড নিৱাসী প্রয়াত প্রেমধৰ গগৈ আৰু অঞ্জলি (ইলা) গগৈৰ জীয়ৰি বৰ্ণালী গগৈক লৈ আজি কেৱল লখিমপুৰ জিলাই নহয়, সমগ্র অসম ৰাজ্যই  আজি গৌৰৱবোধ কৰিছে। শ্ৰীমতী গগৈ অসমৰ পৰা ভাৰতীয় বায়ুসনাত এগৰাকী উইং কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম গৰাকী মহিলা।

শৈশৱৰে পৰাই অতি তীক্ষ্ণ মেধা সম্পন্ন বৰ্ণালী গগৈয়ে ১৯৮৫ চনত যোৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্রিকত ১৬ সংখ্যক স্থান লাভ কৰি উত্তীর্ণ হয়। পিছত তেওঁ কটন মহাবিদ্যালয়ত বিজ্ঞান বিষয়ত অধ্যয়ন কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ অসম ইঞ্জিনীয়াৰিং কলেজৰ পৰা ইলেক্ট্র’নিক্স এণ্ড টেলি কমিউনিকেচনত অভিযন্তা হিচাপে প্রথম শ্রেণীৰ প্রথম হৈ সোণৰ পদক লাভ কৰিছিল৷ পিছত তেওঁ বিৰলা ইনষ্টিটিউট এণ্ড টেকন’লজী ছায়েঞ্চ প্রতিষ্ঠানৰ পৰা  এমটেক ডিগ্রী গ্রহণ কৰে৷

বর্ণালী গগৈয়ে ১৯৯৬ চনৰ মে’ মাহত বায়ুসেনাত এগৰাকী পাইলট অফিচাৰ ৰূপে যোগদান কৰিছিল ৷ যোগদানৰ পিছৰ পৰাই তেওঁ একাগ্রতা তথা কর্মনিষ্ঠাৰ বাবে দোপতদোপে পদোন্নতি লাভ কৰিবলৈ ধৰিলে ৷ পাইলট অফিচাৰৰ পিছত ফ্লায়িং অফিচাৰ, ফ্লাইট লেফটেনেণ্ট আদি পদলৈ পদোন্নতি হোৱাৰ পিছত কিছুদিনৰ পূর্বে তেওঁ উইং কমাণ্ডাৰ পদত যোগদান কৰে ৷ ভাৰতীয় বায়ু সেনাত উইং কমাণ্ডাৰ হিচপে যোগদান কৰাৰ লগে লগে তেওঁ প্ৰথম গৰাকী অসমীয়া মহিলা উইং কমাণ্ডাৰ হিচপে পৰিগণি হৈছে।
বায়ুসেনাত কর্তব্যপৰায়ণতাৰ বাবে তেওঁ দুবাৰকৈ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ উললেখযোগ্য যে ২০০২ বর্ষত তেওঁ ৰাষ্ট্রপতিৰ বঁটা পাবলৈও সক্ষম হৈছিল। ৷

ছেল্যুট অসম গৌৰৱ বর্ণালী গগৈ ।

No comments:

Post a Comment