শাৰদীয় সুবাসভৰা এটি আনন্দৰ উৎসৱ হ’ল দেৱালী। অতীজৰে পৰাই এন্ধাৰ বিনাশী পোহৰ বিলাই যোৱাৰ উদ্দেশ্যে
উদযাপন কৰি অহা হৈছে এই উৎসৱ। মনৰ অজ্ঞান আন্ধাৰ আঁতৰায় জ্ঞানৰ পোহৰ বিলোৱাটোৱেই
দীপাৱলী উৎসৱৰ মূল উদ্দেশ্য। ঐতিহাসিক আখ্যানবোৰ বিশ্লেষণ কৰি চালে দেখা যায় যে
দীপাৱলী পালনৰ তাৎপৰ্য হৈছে – দুষ্টক দমন, শান্তক পালন অৰ্থাৎ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়৷
অসূয়া-অপশক্তিক নিৰ্মূল কৰি সুখ-শান্তি স্থাপন কৰাই হৈছে দেৱালী উদযাপনৰ মূল
তত্ত্বিক বৈশিষ্ট।
পিছে কালৰ কুতিল গতিত যেন সলনি হৈ পৰিছে দেৱালী উদযাপনৰ উদ্দেশ্য।
দীপাৱলীৰ সাত্ত্বিকতাতকৈ জাকজমকতা তথা প্ৰদৰ্শনকামীতাই গ্ৰাস কৰিছে সমাজখন। পোহৰৰ
উৎসৱ দীপাৱলী ক্ৰমান্বয়ে পৰিৱৰ্তিত হৈছে শব্দ-বাৰুদৰ উৎসৱলৈ। শান্তি-শৃংখলা
বিঘ্নিত কৰি দীপাৱলীৰ নামত পুৱালৈকে ফুটোৱা আতচবাজীবোৰৰ বিকট শব্দ আৰু ধোঁৱাই শব্দ
আৰু বায়ু প্ৰদুষনৰ সৃষ্টি কৰাৰ লগতে চৰাই-চিৰিকতি আৰু অন্য প্ৰাণীৰ দৈনন্দিন জীৱন
যাত্ৰাত ব্যাঘাত জন্মায়।
পিছে এই ক্ষেত্ৰত এক ব্যতিক্ৰম তামিলনাডুৰ এখন গাওঁ। যিদিনা সমগ্ৰ
দেশতে দীপাৱলীৰ ৰংবিৰঙি চাকিৰ পোহৰে নিলগাই ৰাখে আমাৱশ্যাৰ এন্ধাৰ, সেইদিনাখনো শিৱগংগা জিলাৰ
কুলকুডিপট্টী গাওঁ খনত অব্যাহত থাকে গতানুগতিক জীৱন। শুনিবলৈ পোৱা নাযায় কান
তালমৰা আতচবাজীবোৰৰ বিকট শব্দ।
কাৰন শুনিলে হয়টো আপুনি আচৰিত হ’ব, কিয়নো এয়া কোনো চৰকাৰী নিৰ্দেশত নহয়, গাৱৰ গঞাঁই স্বতঃ ফুতঃ ভাবে গ্ৰহন কৰা সিদ্ধান্ত। প্ৰকৃতিৰ প্ৰতিথকা
অকৃতিম প্ৰেম আৰু ভালপোৱাৰ বাবেই গাঁওখনে পালন নকৰে দেৱালী। কুলকুডিপট্টী গাওঁখনৰ
নিচেই কাষতে আছে বেত্তনগুড়ী পক্ষী উদ্যান। উল্লেখযোগ্য যে পৰীভ্ৰমী পক্ষীৰ বাবে
বিখ্যাত উদ্যানখনলৈ প্ৰতি বছৰে অক্টোবৰ আৰু মাৰ্চ মাহৰ মাজৰ সময়ছোৱাত হৰ্ন, ডাৰ্টচ, স্পুনবিলচ, এচিয়ান অপেন বিল ষ্ট্ৰক, লিটল কৰমবেণ্ট আদি ভিন্ন
দেশী-বিদেশী চৰাই আহে। উদ্যান খনৰ পশু-পক্ষীবোৰক পৰিয়ালৰ সদস্য হিচাপে গন্য কৰা
গাওঁবাসীয়ে পশু-পক্ষী বাৰৰ কোনো ধৰনৰ ক্ষতিসাধন নহ'বলৈ ১৯৬০ চনৰ পৰা বৰ্তমানলৈ দিপাৱলীত ফটকা তথা
আতচবাজীৰ ব্যৱহাৰ বন্ধ ৰাখিছে।
পৰিবেশ সংৰক্ষনৰ প্ৰতি অতি সচেতন গাঁওখনৰ লোক সকলৰ এই ব্যতিক্ৰমী
প্ৰচেষ্টা সচাকৈয়ে প্ৰসংশনীয় আৰু সকলোৰে বাবে আদৰ্শ আৰু অনুপ্ৰেৰনাৰ উৎস।
No comments:
Post a Comment