অনুভৱৰ ভাষাৰে একলম

Tuesday, March 26, 2019

৪৬ বছৰত ভৰি দিলে চিপকো আন্দোলনে

৪৬ বছৰত ভৰি দিলে চিপকো আন্দোলনে

         ১৯৭০ দশকৰে কথা উত্তৰ হিমালয়ৰ গাঢ়োৱাল অঞ্চলৰ অলকানন্দা উপত্যকাৰ মণ্ডল নামৰ গাওঁখনকে ধৰি কাষৰীয়া অঞ্চলৰ গাওঁবাসীৰ জীৱন আৰু জীৱিকাৰ আধাৰ কাষৰীয়া অৰণ্যৰ গছ কাটিবলৈ অহা ঠিকাদাৰক বাধা দিবৰ বাবে এজাক মহিলাই স্বতঃস্ফূৰ্তভাৱে গাৰ পাছত জনা যায় “চিপকো আন্দোলন” হিচাপে।
একোজোপা গছক সাৱটি ধৰি, তাৰ ৰক্ষাৰ বাবে নিজৰ জীৱনকো আগবঢ়াই দিবলৈ সাজু হোৱা এই অভিনৱ, আন্তৰিক অহিংস আন্দোলনে পৰিৱেশৰ হকে কাম কৰি থকা মুষ্টিমেয় মানুহচামলৈ লৈ গৈছিল এক বিশেষ বাৰ্তা।সেই সকল পৰিবেশ কৰ্মী তথা সংগ্ৰামীলৈ শ্ৰদ্ধা জনাইছো। আজি চিপকো আন্দোলনে ৪৫ বছৰীয়া, সকলোৱেই যেন এই আন্দোলনৰ আদৰ্শক অনুধাৱন কৰক আৰু ধৰনীখন সেউজীয়া কৰি ৰখাত সহায় কৰক।
ধ্বংশ যজ্ঞ (ফটোখন মাজুলীৰ বগৰীয়নী ঘাট(লখিমপুৰ-মাজুলী সংযোগী)ত তোলা ২০১৭ চনত)


No comments:

Post a Comment