বহু কল্পনা জল্পনাৰ শেষত যেন অৱশেষত ঘোষনা হ'ল শুনিবলৈ কান ঠিয় কৰি কৰি ৰৈথকা
সেই বহু প্ৰতিক্ষিত বতৰিটো-"প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সেউজ সংকেত .... তাৰিখে ৰাষ্টৰ
বাবে মুকলি কৰা হ'ব বগীবিল দলং"। প্ৰবিত্ৰ বৰদিনৰ শুভক্ষনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্টৰ নামত
উৎসৰ্গা কৰিব ১৯৯৭ চনৰ ২২ জানুৱাৰীতেই তদানীন্তন প্ৰধানমন্ত্ৰী
এইচ. ডি. দেৱেগৌড়াই আধাৰশিলা
স্থাপন কৰা আৰু প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ২০০২ চনত নিৰ্মান কাৰ্যৰ
শুভাৰম্ভ কৰা দলংখন। উল্লেখ যোগ্য যে ৪.৯৪ কিঃমিঃ দৈঘ্যৰ দলংখন ভাৰতৰ ভিতৰতে
সৰ্ববৃহত ৰেল আৰু বাছ চলাচল কৰিব পৰা দুখলপীয়া দলং। দলং খন মুকলি কৰাৰ বাতৰি বিয়পি
পৰাৰ পিছতেই উজনী অসমৰ দুয়োকুলৰ মানুহৰ মনত পৰিস্ফুতিত হৈছে এক প্ৰাপ্তিৰ উল্লাস
বিষেশকৈ উত্তৰ কুলৰ ৰাইজে পেলাইছে শ্বস্তিৰ নিশ্বাস।
অন্যহাতে দলং মুকলিৰ বাতৰি বিয়পি পৰাৰ সমান্তৰাল ভাবে তুংগত উঠিছে
দলংখনৰ নামকৰনৰ বিতৰ্কই। বিভিন্ন জাতি জনজাতীয় সংগঠনে প্ৰস্তাব কৰিছে তেওঁলোকৰ
স্মৃতিবিজৰিত উপৰিপুৰুষৰ বিভিন্ন নাম- চাওলুং ছুকাফা সেতু', সতীসাধনী সেতু,
ছহিদ কমলা মিৰি, মিৰি জিয়ৰী সেতু, ভীমবৰ দেউৰী, সলালী সেতু, আজান পীৰ সেতু, শংকৰ-মাধৱ
সেতু.....এখন দীঘলীয়া তালিকা। অন্যহাতে ৰাজনৈতিক মহলৰ এচামৰ দাবী দলংখনৰ নাম ৰাখিব
লাগে "অটল বিহাৰী বাজপেয়ী"ৰ নামত। জাতীয়তাবোধ ভাল পিছে উগ্ৰ-জাতীয়তাবাদো সমাজৰ বাবে
খ্যতিকাৰক। জাতীয়তাবদৰ উচিত প্ৰয়োগ আজিও যেন হোৱানাই এই অসম মুলুকত
সেই বাবেই আজি এই বিতৰ্ক, সেই বাবেই আজি এই দণ্ড। জাতীয়তাবোধৰ নামত যেন আজি আমি
অন্ধ হৈ গৈছো, অন্ধ পৰিছে আমাৰ বিচাৰ-বুদ্ধি। আমি আজি নিজকে অসমীয়া বুলি কোৱাৰ
পৰিবৰ্তে কৈ ভালপোৱা হৈছো আহোম, কলিতা, কছাৰী, চুতীয়া, দেউৰী, মিচিং, ৰাভা... ইত্যাদি
বুলি৷ জাতীয়তাবোধৰ ঢৌত উতি যেন আমি পাহৰি গৈছো বৃহত অসমীয়া
জাতিৰ কথা যি জাতিৰ ভেটি ৰচছিল চাওলুং ছুকাফাই, যি জাতিক কৃৰ্তন-জিকিৰৰ সুৰেৰে এক
কৰিছিল শংকৰ-আজানে। সেই সকল মাহান মনিষীৰ নামেৰে দলংখনৰ নামকৰনক লৈ আমি আজি নিজৰ
মাজতে খোৱা-কামোৰা কৰিছো। ই বৃহত্বৰ জাতিটোৰ বাবে অত্যন্ত লজ্জা জনক আৰু ক্ষতিকাৰক। আমাৰ মাজত থকা এই মনোমালিন্যৰ সুযোগ যে কোনোবাই গ্ৰহন নকৰিব তাত সন্দেহ নাই।
দলং খনৰ নাম বগীবিলেই থকক তাত আপত্তি কিহৰ। বিগত একৈশ বছৰ ধৰি
পাঠ্য-পুথি, কাকত-আলোচনী,চৰকাৰী নথিপত্ৰত টো বগীবিল বুলিয়েই লিপিবদ্ধ হৈ আহিছে তাত টো কাৰো আপত্তি নাছিল। আনহাতে দলং খনকলৈয়ে প্ৰকৃতিৰ অৱদান
বিল খনে জানো কম ত্যাগ কৰিলে। নামৰ দাবী উঠা তালিকা খনৰ ব্যক্তি সকল নিজ গুনেৰেই
আজি জগত বিক্ষাৎ পিছে আজিৰ পৰা কিছু বছৰৰ পিছত এই ধংসমুখী বিলখনৰ হয়টো
প্ৰকৃতিৰ বুকুৰ পৰা বিলিন হৈযাব। ইয়াৰ প্ৰধান কাৰন হ'ব দলংখন। এই
বিল খনৰ স্মৃতি জীয়াই ৰখাটোও জানো আমাৰেই দায়িত্ব নহয়। এটা প্ৰশ্ন
বাৰে বাৰে উপস্থাপন নোহোৱা নহয়, যে নতুন প্ৰজন্মৰ অসমীয়াই চিনি নাপায় কমলা মিৰী, ভীমবৰ দেউৰী... কোন। যদি জাতীয়তাবাদৰ চেতনাৰে উদ্বুদ্ধ জাতীয় সংগঠন
সমুহে যদি ভাবিছে দলংখনৰ নাম তেওঁলেকৰ স্মৃতি জৰিত উপৰি পুৰুষৰ নামেৰে নামকৰন কৰি নতুন
প্ৰজন্মৰ অসমীয়াৰ মাজত, বিশ্ব বাসীৰ মাজত তেওঁলোকক চিনাকী কৰাই দিব এয়া তেওঁলোকৰ
এক বৃথা প্ৰচেষ্টাৰ বাদে আন একো ন'হব সেয়া নিশ্চিত। কিয়নো ১৯৮৭ মুকলি হোৱা শোণিতপুৰ আৰু
নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দ্বতীযখন দলংৰ নামকৰন কৰাহৈছিল হৰদত্ত-বীৰদত্ত ভাতৃদ্বয়ৰ
বিদ্ৰোহ দমন কৰা আহোম সেনাপতি বৰফুকন কলীয়াভোমোৰাৰ নামত। পিছে আজিৰ নতুন প্ৰজন্মৰ
অসমীয়াই জানো
জানে কলীয়াভোমোৰা
কোন। যিসকল পূৰ্বপুৰুষৰ নাম লৈ জাতি-জনজাতীয় সংগঠন সমুহে নামকৰনৰ দাবী উস্থাপন
কৰিছে এয়া মাথো পিতৃৰ প্ৰতি পুত্ৰৰ দ্বায়িত্ব পালনৰ পৰা হাতসৰাৰ বৃথা চেষ্টা। তাৰ
পৰিবৰ্তে বৰ্তমান সময়ত প্ৰাথমিক পৰ্যায়ৰ পৰা যিমান পাৰি উচ্চ পৰ্যায়লৈকে অসমীয়া, ইংৰীজী সকলো
মাধ্যমৰ শিক্ষানুস্থানত এই মনিষী সকলৰ জীৱনী তথা আদৰ্শ সম্বলীত পাঠ্যক্ৰম পাঠ্যপুথিত অন্তভুক্তিৰ ব্যৱস্থা
কৰাটোহে জাতীয়তাবাদৰ চেতনাৰে উদ্বুদ্ধ জাতীয় সংগঠন সমুহৰ প্ৰধান কৰ্তব্য হ'ব।
বিকাশ নাথ
দুৰভাষঃ৮৪৭৪৮১০৯৫০
No comments:
Post a Comment