অনুভৱৰ ভাষাৰে একলম

Saturday, May 19, 2018

ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাথাকে

ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাথাকে



কলিৰ শেষত হ'ব কল্কী অবতাৰ৷
কাতি মাৰি ম্লেচক কৰিব গুণ্ডামাৰ৷৷

             ধৰ্মগুৰু সকলে শাস্ত্ৰত লিখিছিল পিছে, আজি যেন সেইয়া বাস্তব৷ চৌদিশে কেৱল ধৰ্ষণ, হত্যা, লুন্থন৷ পুৱা উঠি খবৰ কাকত, চাবই নোৱাৰি টিভি৷ সেহতিয়াকৈ অসমত হোৱা ধৰ্ষনকাৰ্যক গৰিহনা দিছো৷ ই জীৱশ্ৰষ্ঠ মানবৰ কৰ্ম হ'বই নোৱাৰে৷ ধৰ্ষনকাৰীৰ কোনো ধৰ্ম নাথাকে সি হিন্দুৱেই হওক মুছলমানেই বা বৌদ্ধ,খ্ৰীষ্টান যিয়েই নহওক৷ সিহঁতৰ এটাই মাত্ৰ চিনাকী, ধৰ্ষনকাৰী৷
ফেছবুকত ৰাইজৰ মাজত এই বিষয়টোক লৈ যথেষ্ট সমালোচনা হোৱা দেখিবলৈ পোৱা গৈছে, ই ভালৰে লক্ষন৷ পিছে মোৰ দৃষ্টিত এনেলাগিছে যেন এই সমালোচনাবোৰ বিপথে গৈছে৷

১/ বাৰে বাৰে সেই ভগ্নী গৰাকীৰ ফটোকপি প্ৰদৰ্শন কৰি যে পুনৰ ধৰ্ষণ কৰিছো৷

২/ সমালোচক সকলৰ বহুতৰে সমালোচনাত মই ৰাজনৈতিক ষৰযন্ত্ৰৰ গোন্ধ পোৱা যেন লাগে৷ বহুতেই এই ঘটনাটোক সম্প্ৰদায়িক ৰূপ দিয়াৰ প্ৰচেষ্টা চলাই আছে, সেইসকলক মই এটা কথা এনে কিছুমানো ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে যিবোৰত ইছলাম(মিয়া) সকলৰ বাদেও হিন্দু অথবা অন্য ধৰ্মৰ ব্যক্তি জৰিত আছে গতিকে ইয়াক লৈ অসমত সাম্প্ৰদায়িকতাৰ বিজ ৰোপন কৰাৰ দু:চিন্তা নকৰে যেন৷ ই অসমীয়া জাতিৰ বাবে অতি ভয়াবশ হ'ব৷

৩/ অলপতে হৈ যোৱা অন্য এটা ঘটনাক লৈ  ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যথেষ্ট খলকনি টোলা দেখিবলৈ পোৱা গৈছিল যিটো ইমান প্ৰয়োজনীয় নাছিল, পিছে এই সময়ত কিয় কৰা ন'ল সি এক ডাঙৰ প্ৰশ্ন?

৪/ সেহতিয়াকৈ পোৱা তথ্য মতে আৰক্ষীয়ে ঐতিহাসিক ভাবে ২৪ ঘন্টাৰ ভিতৰত দুষ্কৃতিকাৰীক আতক কৰিছে৷ তথাপি আইনৰ সুৰুঙা নথকা নহয়৷ এক্ষেত্ৰত যেন দৃষ্টি ৰাখে৷

৫/ চৰকাৰলৈ অনুৰোধ অৰুনাচল চৰকাৰে যিদৰে ধৰ্ষণৰ আইন প্ৰনয়নৰ কথা চিন্তাকৰিব পাৰে অসম চৰকাৰে নোৱাৰা কোনো কাৰন নাই৷ অৱশ্য আইন প্ৰনেতা সকললৈ অনুৰোধ থাকিব যদি চিন্তা কৰেও তেন্ত সুৰুঙা ৰখাৰ ব্যৱস্থা নাৰাখে যেন৷

                    শেষত আকৌ কওঁ..
ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাথাকে

জয় আই অসম৷


No comments:

Post a Comment